
কুলখুড়াৰ চোতাল
ছাঁটোৰ দৰে এই দীঘল বঁকিয়াটোৰে
এদিন মানুহবোৰ উভতিব
ছঁয়া-ময়া গধূলিৰে কুলখুড়াৰ চোতালত থমকি ৰব সময়
সেই দিনটোলৈ, যিদিনালৈ হাতৰ মনিবন্ধত জিলিকব শ্ৰমৰ ঘাম
সেই দিনটোলৈ, যিদিনালৈ সোণসেৰীয়া ডাঙৰিৰ শব্দত ৰচা হব শ্ৰমৰ বুৰঞ্জী
জীৱনৰ সতে একেলগে ৰব যুঁজৰ তেজ লগা ঘোঁড়া
আলাপ মধুৰ গোপণ এন্ধাৰৰ সোৱাদত সাৰ পাই উঠে পৰীৰ দেশ
সৰগৰ জখলাৰে নামি আহে দানৱ-দেশৰ ৰজা
সময়ৰ সতে গঁথা ৰয় তৰোৱালৰ নিজস্ব বুৰঞ্জী
মানুহৰ ইতিহাসত এনে কোনো নাই
যি মাটিৰে বিৰোধ কৰে
অপূৰ্ণ চৰ্তত তুলি লয় ৰজাৰ মেটমৰা দোলা
ৰজাৰ দৰবাৰৰ চিত্ৰকৰে ৰজাৰ ছবি আঁকে
ৰজাৰ হাঁহি আৰু হাঁহিৰ প্ৰকৰণ
প্ৰজায়ো হাঁহে, অবুজ হৈয়ে পাৰ কৰে পান্থশালাৰ দিন- ৰাতি
কুলখুড়াৰ চোতাললৈ যিদিনা উভতি অহিব আটাইবোৰ মানুহ
নদীয়ে সলাই লব জাৰৰ দিনৰ চোলা
জীৱনৰ সতে একেলগে ৰব সময়
__________________________________
এপ্ৰিল, ১৯৯০
প্ৰথম প্ৰকাশ: সূত্ৰধাৰ,শাৰদীয় সংখ্য়া ১৯৯০
সম্পাদকৰ টোকা
কুল খুড়া শোষিত শ্ৰমজীৱী জনগণৰ প্ৰতিনিধি । তেওঁ সহনশীলতা, বংশানুক্ৰমে কৰি অহা কঠোৰ পৰিশ্ৰম আৰু নিৰৱ প্ৰতিবাদৰ এক মূৰ্ত প্ৰতীক। কুল খুড়া অস্তিত্বৰ চৰ্ত আৰু অমীমাংসিত মানৱীয় মৰ্যাদা।
কুলখুড়াৰ চোতাল শ্ৰম, ক্ষমতা আৰু সময়ৰ দীঘল ধৈৰ্য্যৰ ওপৰত এক চিন্তন। এই চোতালখন স্মৃতি আৰু নৈতিকতাৰ এক যৌথ স্থান —য’ত সাধাৰণ মানুহৰ জীৱন, ঐতিহাসিক স্মৃতি আৰু ৰাজনৈতিক অভিনয় একেলগে মিলিত হয়। ঘাম, মাটি আৰু উভতি অহাৰ চিত্ৰবোৰে শ্ৰমৰ নিহিত মৰ্যাদাক সূচায়, আনহাতে ৰজা, দৰবাৰ আৰু দৰ্শনৰ আচাৰসমূহে ক্ষমতাৰ ভঙ্গুৰ নাটকীয় ৰূপ উন্মোচন কৰে।
এই কবিতাই নষ্টালজিয়াত থমকি নৰয়; ইয়াত উভতি অহাটো কল্পনা কৰা হৈছে এক নৈতিক মুখামুখি হিচাপে—এনে এক মুহূৰ্ত, যেতিয়া সময় দৰ্শনৰ পৰা মুক্ত হৈ জীৱনৰ কাষতে থিয় হয়।



