মেলা

প্ৰথম প্ৰেতাত্মাঃ

মেলাৰ মাজত বাট হেৰুৱাই অতীত হৈ ৰলো
সূৰুজমুখী হৈ ফুলি থাকিল অনন্ত হাবিয়াস

ৰঙীণ পোহৰৰ অলেখ বিপনীৰ অলেখ পুতলাৰ মাজত
প​ৰি থাকিলো মুখা এখন হৈ

মুখা এখনত তোমাৰ মুখ
মুখাৰ মাজত চিনাকি হেৰুৱাই বিচাৰি পালা মোক

তুমি তোমাক হেৰুৱাই বিচাৰি পালা মোক
মই তোমাক

নিজকে বিচাৰি চোৱা নহল পুনৰায়
মেলাত, আমিতো হেৰুৱাবলৈকে বাটকুৰি বাই আঁহো

স্বগতোক্তি:

জিলি এটাই গোটেই ৰাতিটো উজাগ​ৰে ৰাখিলে মোক
বাট হেৰুৱাই সি বহি আছিলহি দুৱাৰত
মোৰ টোপনি অহা যেন পালেই সি চিঞৰি উঠে
আৰু তাৰ আপোন ভাষাত কয়: উঠা,উঠা, উঠা,....

শেষ নিশা সি আপোনঘাতী হল
ডিঙিত আঁৰি ললে এটা ৰঙা-হালধীয়া ৰঙী বেলুন

পুৱা প​ৰুৱাই পোৱা জিলিটো প​ৰি আছিল এজাক প​ৰুৱাৰ মাজত
প​ৰুৱাবোৰে সমানে ভগাই ললে তাৰ পাৰ্থিব দেহ

দ্বিতীয় প্ৰেতাত্মাঃ


আতচবাজী জ্বলিছে, নাগ​ৰদোলাই পাক-ঘূৰণি খাইছে
ৰঙীণ বেলুন এসোপা আঙুৰ-থোপা হৈ ওলমিছে শিশুৰ হাতত

তুমি মোৰ হাত ধ​ৰি আগবাঢ়িছা
মই তোমাৰ হাতত

তুমি এজুম শিশুৰ মাজত সোমাই উচুপিছা
মই চুৰ ক​ৰি আনি দিছো এখন স্বচ্ছ আইনা

তুমি আইনাত মোৰ মুখ চাইছা
মই আইনাৰ ভিতৰ​ৰ প​ৰা আকোঁৱালি লৈছো তোমাক

আমি ভিৰ​ৰ মাজত হাতত হাত ধ​ৰি আগুৱাইছো
নাগ​ৰদোলা হৈ ঘূৰিছে ঘড়ী

তৃতীয় প্ৰেতাত্মাঃ

কি মাঙ্গলিক অনুষ্ঠানত উদ যাপিত হৈছো আমি
জ্যোতিষ্মান এই প্ৰান্তৰ

ধূলি, ধোঁৱা আৰু অৱসাদ​ৰ অভ্যন্তৰত
পঙ্কিল পৃথিবী

নিদ্ৰাহীনতাই অৱশ ক​ৰি আনিছে জ​ৰ্জ​ৰ দেহ​
বুকুত উৰা মাৰি প​ৰিছেহি জিলি এটাৰ আত্মা

দিক-বিদিক শূণ্য এক পথাৰ​ৰ মাজত ঊৰ্দ্ধমুখে প​ৰি আছো
শিলিভূত চৌপাশ

ক্ৰমশঃ সকলো এন্ধাৰ
এন্ধাৰত জ্বলি আছে মাটিৰ চাকিৰ শিখা

স্বগতোক্তি:

সঁচা বুলি কোনো কথা নাই, যেনেকৈ নাই মিছাৰ সংজ্ঞা
শব্দ নাই, গান নাই, শত্ৰু-মিত্ৰ নাই, - সকলো মিছা

এন্ধাৰত মই নাঙঠ হওঁ, মাতাল হৈ আঘাত ক​ৰোঁ হৃদ​য়
যৌৱন​ৰ সকলো কবিতা তুলি দিওঁ জুইত

মোৰ ভিতৰত এটা কপিকল
হন-হনাই ওলোৱা-সোমোৱা কৰিছে বতাহ, বিজাণু আৰু বিষ্ঠাৰ গোন্ধ

এতিয়া নিলাম ক​ৰিছো সকলোবোৰ
স্বপ্ন-স্মৃতি-বিষাদ - এই জীৱন

এদিন আকৌ উভতিম কোনোবা সন্ধিয়া
চৈ দিয়া নাঁৱত বহি নিৰ্জনতাৰ গান শুনিম ওৰে-ৰাতি

________________________________ 
২৪ অক্টোৱৰ্, ১৯৯৩
প্ৰথম প্ৰকাশ: সূত্ৰধাৰ, ১-১৫ জানুৱাৰী, ১৯৯৪

সম্পাদকৰ টোকা

মেলা আত্মিক উপলব্ধিৰ এক খতিয়ান —য’ত পৰিচয় চিৰন্তন শূণ্য়ত বিলীন হ​য়​, চিনাকি অচিনাকি হয় আৰু নিজকে হেৰুৱাই পেলোৱাটো এক ৰীতি হৈ পৰে। বাহ্যিক দৃষ্টিত মেলা জনাকীর্ণ, উজ্জ্বল আৰু উৎসৱমুখৰ; কিন্তু অভ্যন্তৰত মুখা, অৱসাদ, প্রেতাত্মা আৰু নৈতিক বিভ্ৰান্তিৰ এক পটভূমি।

তিনিটা প্ৰেতাত্মা অস্তিত্বৰ একো একোটা স্থিতিৰ ৰূপকঃ —স্মৃতি, নিবিড়তা আৰু শূন্যতাৰ পৌনঃপুনিক প্ৰক্ৰিয়া । প্ৰথমটো প্ৰেতাত্মাই স্থানচ্যুতি আৰু মানবিক আকাংক্ষাক নিৰ্দেশ কৰে; দ্বিতীয়টোয়ে গতিশীলতাৰ মাজত ক্ষন্তেকীয়া কোমলতাৰ সন্ধান ক​ৰে; তৃতীয়টোয়ে চৰম অস্বীকাৰৰ সন্মুখীন হয়, য'ত সত্য স্খলিত হৈ নিলামৰ বস্তু হৈ পৰে।

জিলি, বেলুন, দাপোণ, নাগৰদোলা আদি বাৰে বাৰে অহা প্ৰতিচ্ছবিসমূহ দ্ব্যৰ্থকঃ সৰলতা আৰু হেৰুওৱাৰ প্ৰত্য়াশা, খেল আৰু প্ৰতিহিংসা, পুনৰাবৃত্তি আৰু আৱদ্ধতা। মেলাৰ ঘূৰ্ণীয়মান সামগ্ৰীৰ দৰেই, সময় বৃত্তাকাৰ পথেৰে গতি ক​ৰে।

কবিতাটোৰ অন্তৰাত্মা নদী - ই এক ধাৰাবাহিকতাৰ অনুমতি দিয়েঃ সেয়া প্ৰত্যাৱৰ্তনৰ ধাৰাবাহিকতা । পাৰত বান্ধি থোৱা চৈ দিয়া নাঁৱত​ বহি ওৰে নিশা নিসংগতাৰ শব্দ শুনিব খোজা কবিয়ে তেওঁৰ মোহমুক্ত সহনশীলতাক সূচাইছে— এই সহনশীলতাই জীৱনৰ প্ৰতি থকা দায়বদ্ধতা।

Select language