এদিন, তোমাৰ বাবে

সকলো পণ্য দিন​ৰ অন্তত
এদিন, তোমাৰ বাবে
পানী যুৱলিত ডুবি থাকে
নৌকাযাত্ৰাৰ ত্রিসন্ধ্যা

স্বপ্নালু এই প্ৰেমিক নগ​ৰীত
ভূগোলবিহীন জীৱন​ৰ মতবিৰোধ
বাট​ৰ সীমাহীনতাত
খোজে-খোজে হেৰাই আহে বাট

দিয়াচলাই বাঁহত আঁকি লওঁ
তোমাৰ ছবি
পদপথ​ৰ নিৰবচ্ছিন্ন ঠেলা-হেঁচাত
ৰিঙা লগা দিন

নৈৰাজ্যত চলি আছে ঘড়ী
স্প্ৰীং-পুতলা এজাক​ৰ হাত​-তালিত
উদভ্ৰান্ত সম​য়ঃ
পাগল্, সকলো পাগল .....

সকলো পণ্য দিন​ৰ অন্তত
এদিন, তোমাৰ বাবে


___________________ 
১৯৯৭ - ২০০৫, ডিমাপুৰ, নগালেণ্ড
প্ৰথম প্ৰকাশ: লখিমী, এপ্ৰিল ২০০৭



সম্পাদকৰ টোকা

এদিন, তোমাৰ বাবে মানবিক আকাংক্ষাৰ এক চিত্ৰণ । পণ্যকৃত পৃথিৱীত সময়, গতি আৰু অন্তৰংগতাক ক্লান্তি আৰু পুনৰাবৃত্তিৰ সৈতে তুলনা কৰা হ​য়। “সকলো পণ্য দিনৰ অন্তত” কবিতাই আকাংক্ষাৰ পৰিধিৰ বিনিময়-মূল্যৰ ৰহিত প্ৰবৃত্তিক নিৰ্দ্দেশ কৰিছে ।

চহৰখন ইয়াত একেলগে ৰোমান্টিক আৰু দিশহীন: ভৌগোলিক অৱস্থানহীন প্ৰেমৰ চহৰ, যঽত খোজে-প্ৰতি পথবোৰ অসীমত বিলীন হৈ যায়। দিয়াশলাই বাঁহ, পদপথ, ঘড়ী আৰু যান্ত্ৰিক পুতলাৰ চিত্ৰসমূহে ক্ষ্ণ​-ভংগুৰতা আৰু যান্ত্ৰিকতাক নিৰ্দ্দেশ ক​ৰিছে ।

কবিতাৰ সময় প্ৰবাহ অস্থিৰ আৰু বিচ্ছিন্ন। এই পটভূমিত, এদিন, তোমাৰ বাবে নীৰৱ প্ৰতিবাদৰ এক ৰূপ।

Select language