
আগন্তুক
এপাহ ৰঙচুৱা বৰণ ফুলৰ সুগন্ধ হৈ তেওঁ আহিছিল
বাটত, এজাক টটা-টিঙা শব্দই হেনো তেওঁক জোকাইছিল
জেঁতুলিপকা বুলি
তেওঁ বিচাৰি অহিছিল নিঃসঙ্গতা
ভিৰৰ মাজত কোনোবাখিনিত
হঠাৎ আতঁৰি গৈছিল বতাহৰ দেওলগা পাখি
তেওঁ সুধিছিল -
কৰবাত কেনেবাকৈ দেখিছিলো নেকি এজাক পানীপিয়া চৰাই
শুনিছিলো নেকি মনে-মনে ডাৱৰৰ মেল :
মই অপৰাধীৰ দৰে তেওঁৰ ছাঁটো চুই চাইছিলো
তেওঁৰ অজানিতে চুই চাইছিলো ছাঁটোৰ ওঁঠ
তেওঁ কৈছিল, -
ইমান মনে-মনে নাথাকিবা
বৰষুণ আহিলেই আমি ওলাই যাম সপোনৰ দুৱাৰ মুকলি কৰি
মই প্ৰতাৰকৰ দৰে তেওঁৰ মুখলৈ চাইছিলো
চকুহাল উৰা মাৰিছিল চৰাই হৈ
তেওঁ পঢ়িছিল, -
দীঘল বাট এটা হৈ গুছি গৈছে সময়
সময়ৰ সকলো অভিযাত্ৰী......
মই অকঁৰাৰ দৰে তেওঁৰ চুলিখিনি চুই চাইছিলো
তেওঁৰ অলক্ষিতে চুই চাইছিলো ছাঁটোৰ কোমল আঙুলি
তেওঁ কৈছিল, -
কবিতা এটা পঢ়া, সৰৱ হৈ উঠক নিঃসঙ্গতা .......
দিনে দিনে বৰ অমনোযোগী হৈ পৰিছা তুমি
মই উৎসাহেৰে আগুৱাই দিছিলো মোৰ হৃদয়
তেওঁৰ দৃষ্টিৰ আঁৰত আঁকোৱালি লৈছিলো ছাঁটো
________________________________
১৫ এপ্ৰিল, ১৯৯৩
প্ৰথম প্ৰকাশ: শ্ৰীময়ী, ১৬-৩১ আগষ্ট, ১৯৯৩
সম্পাদকৰ টোকা
আগন্তুক কবিতাটোত অনুপস্থিতি, ছাঁ আৰু ক্ষন্তেকীয়া চিনাকিৰ মাজেৰে নিবিড়তাক অন্বেষণ কৰা হৈছে। আগন্তুকৰ চৰিত্ৰটো ইয়াত ইচ্ছাকৃতভাৱে অনিৰ্দিষ্ট—যি একেলগে এক উপস্থিতি, এক স্মৃতি, এক কামনা আৰু এক আত্ম-সাক্ষাৎকাৰৰ মুহূৰ্ত। ইয়াত স্পৰ্শ শৰীৰৰ প্ৰতি নহয়, বৰঞ্চ ছাঁৰ প্ৰতিহে নিৰ্দেশিত হৈছে, যিয়ে মৌনতা আৰু পৰিস্থিতিৰ দ্বাৰা সংযত এক ব্যাকুলতাক সূচাইছে।
কবিতাটো জনসমাগম আৰু নিসংগতা, কথা আৰু অন্তৰ্মুখিতা তথা আগমন আৰু প্ৰস্থানৰ মাজত দুলি থাকে। ইয়াত কোনো সমাপ্তিৰ পৰিৱৰ্তে এক ওলমি থকা সাক্ষাতৰ অনুভৱ দিয়া হৈছে—য’ত যাক সম্পূৰ্ণৰূপে নিজৰ কৰি ল’ব নোৱাৰি, তাৰ মাজতেই সম্পৰ্কৰ টান আটাইতকৈ গভীৰভাৱে অনুভৱ কৰা হয়।



