সম​য়​ৰ প্ৰিয়তম স্তৱক

"মানুহ​ৰ প্ৰিয়তম অনুভ​ৱ - সপোন​ৰ শেষৰ সপোন"

ক​)

মনত প​ৰেনে,
এনেকুৱা এটা শীত​ৰ আবেলি আমি একেলগে বহি আছিলো
আমাৰ ব​ৰষুণত তিতা দেহ​ৰ উমত ফুলিছিল ৰাতি ফুলা ফুল​
আমি সচাকৈয়ে ব​ৰ ওচ​ৰ চাপি বহিছিলো,
ভাবিছিলো সুযোগ পালেই স্পৰ্শহীন হম ইজনে-সিজনৰ ।

মনত প​ৰেনে,
আমি যে সৌ পাহাৰবোৰ​ৰ ওচ​ৰলৈ গৈছিলো
সিহঁতে জোকাব বুলি
তোমাৰ চুলিৰ তলত লুকুৱাই থৈছিলো বেলিটো ।
আৰু ঘ​ৰলৈ উভতা চ​ৰাইবোৰ​ৰ সতে চুপতি ক​ৰিছিলো
চ​ৰাইবোৰে আমাক এটা ধুনীয়া সপোন দিছিল
পকা বিলাহীৰ দ​ৰে ৰঙা .....
মনত প​ৰেনে,
এদিন কোনেও নজনাকৈ ইজনে-সিজনৰ প​ৰা পলাই আহিছিলো
যোৱাৰ কথা কোৱাৰ বাবে কাৰো সম​য় নাছিল

আমাৰ দুয়োৰে চাগৈ সকলোবোৰ মনত প​ৰে ।

খ​)

কথা দিছিলো, বাঁহীৰ সুৰ​ৰ সতে আমি গান গাম
কথা দিছিলো, নদীৰ পাৰে-পাৰে খোজ কাঢ়ি যাম
হাতে-হাতে তুলি লম ৰসিক সম​য়

এটা বিনষ্ট ঘ​ড়ীৰ কাঁটাৰ দ​ৰে
আমাৰ প্ৰতিটো মাত বিকল ক​ৰি দিয়া হল
দুঃস্বপ্ন​ৰ দ​ৰে মছি দিয়া হল
নদীৰ প্ৰতিটো বাট​ৰ সতে আমাৰ গান

এই নিৰ​ৱ পৃথিবীৰ মায়াত
আমি হেৰুৱাই আহিছো স​ৰসিত সম​য়

অভিশাপ​, অভিশাপ
শাপগ্ৰস্ত সকলো অভিযান !​

গ​)

এজাক ধুমুহাই কঁপাই যোৱাৰ পিছত
হঠাৎ উপচি প​ৰিছিল স্মৃতিৰ শুণ্য-পাত্ৰ:
নিজানে-নিজানে গৈ পৃথিবীৰ একোণত দেখিছিলো
বতাহে লঠঙা ক​ৰি গল হৈমন্তিক আৱেগ ।

এতিয়া, এখন নিষ্প্ৰাণ দেওশাল​ৰ ৰদভ​ৰা আবেলি
বিমূৰ্ত নিৰবতা

অঘ​ৰী, অঘ​ৰী ....
কোন​, কত হেৰাই যায় তোমাৰ বাক্-চতুৰতাত !

উপসংহাৰঃ

এটা জীৱন্ত সুৰ হৈ মই পুন​ৰ উভতি যাম
নাঙঠ শিশুৰ হাতে-হাত থৈ বিচাৰি যাম
পখিলাৰ পাখি
সম​য়​ৰ দ্যূতিহীন ঘ​ড়ী ।


__________________________

জানুৱাৰী, ১৯৯১
প্ৰথম প্ৰকাশ: সূত্ৰধাৰ​, এপ্ৰিল​​, ১৯৯১

সম্পাদকৰ টোকা

সময়ৰ প্ৰিয় স্তৱক হ’ল নিবিড়তা, হেৰুৱাৰ বেদনা আৰু ঐতিহাসিক অৱসাদৰ স্মৃতিচাৰণ। ইয়াত স্মৃতি কেৱল সোঁৱৰণ নহয়, বৰঞ্চ এক উমৈহতীয়া ভূমি—য’ত এসময়ত শৰীৰ, বতৰ, চৰাই, নদী আৰু প্ৰতিশ্ৰুতিবোৰ একত্ৰিত হৈছিল। কবিতাটোৰ আৰম্ভণিৰ অংশবোৰে এক ঠুনুকা ঘনিষ্ঠতাক ধৰি ৰাখিছে, য’ত ইচ্ছা পূৰণৰ কাষ চাপে যদিও তৃপ্তিক অস্বীকাৰ কৰে আৰু এক সংযমৰ মাজেৰে কোমলতাক জীয়াই ৰাখে।

কবিতাটো আগুৱাই যোৱাৰ লগে লগে সময় খণ্ডিত হৈ পৰে। প্ৰতিশ্ৰুতিবোৰ মৌনতালৈ ক্ষয়প্রাপ্ত হয়, গানবোৰ মচি পেলোৱা হয় আৰু যাত্ৰাবোৰ অভিশপ্ত হৈ পৰে। বন্ধ হৈ যোৱা ঘড়ীটো ইয়াত এক কেন্দ্ৰীয় ৰূপক হৈ পৰে—সময়ে ইয়াত গতক সহায় কৰাৰ পৰিৱৰ্তে কণ্ঠৰুদ্ধহে কৰে। যি হেৰাই গৈছে সেয়া কেৱল প্ৰেমেই নহয়, বৰঞ্চ সাবলীলতাও: সময়ক অৰ্থপূৰ্ণভাৱে অতিবাহিত কৰাৰ ক্ষমতা।

শেষৰ ফালে কবিতাটোৱে এক বিচ্যুতিৰ অৱস্থাক প্ৰকাশ কৰে—ধুমুহাৰ পাছত, কথাৰ পাছত আৰু আশ্ৰয়ৰ পাছত। বাকপটুতা ইয়াত নিঃসংগতালৈ ৰূপান্তৰিত হয়; ভাষাই নিজেই ইয়াৰ লক্ষ্য হেৰুৱাই পেলায়। তথাপিও, সামৰণিৰ অংশটোৱে হতাশাজনক হ’বলৈ অস্বীকাৰ কৰে। উভতি অহাৰ কথাটো অতীতৰ পুনৰুদ্ধাৰ হিচাপে নহয়, বৰঞ্চ এক ৰূপান্তৰ হিচাপে কল্পনা কৰা হৈছে: এক সুৰলৈ, এক খেললৈ, আৰু উৎপাদনশীলতা তথা পাৰদৰ্শিতাৰ পৰা আঁতৰত এতিয়াও কঁপনি তুলি থকা সেই চিৰন্তন বস্তুবোৰৰ এক শিশুসুলভ অন্বেষণলৈ।

Select language