
নাম নাই
সন্ধিয়া নামিছে
কানি-মুনি বাট,
পোহৰেও নেদেখা ঘাট ।
ঠিক এইখিনিতেই
পোহৰৰ যোজন তলীত
ৰদৰ শিপা
গানৰ আসৰ
অথবা
ইতিহাসৰ অজানা নায়ক ।
হঠাৎ কোনোবাই পিঠিত হাত থৈ.....
এতিয়া ঘৰলৈ ওভতাৰ সময় ।
__________________________
১৯ ডিচেম্বৰ, ২০২৪
মহামায়া হোটেল, পানবজাৰ, গুৱাহাটী
সম্পাদকৰ টোকা
নাম নাই এক সন্ধিক্ষণৰ কবিতা — পোহৰ আৰু এন্ধাৰৰ , গতি আৰু স্থবিৰতাৰ , উপস্থিতি আৰু প্ৰস্থানৰ। ইয়াত সন্ধিয়াই এক নিৰ্দ্দিষ্ট সময়ক নিৰ্দ্দেশ কৰা নাই। সন্ধিয়া অনিশ্চয়তাৰ পৰিচায়ক, যঽত যাত্ৰাপথ অস্পষ্ট, পথ-নিৰ্দ্দশনা ধূসৰ । কবিতাটোৱে বহু সম্ভাৱনাৰ উল্লেখ কৰিছে যদিও কোনো স্থিৰ পথ-নিৰ্দ্দশনা দিয়া নাই। এই অনিশ্চয়তা ইচ্ছাকৃত; কবিতাৰ শিৰোনামেই কৌশলেৰে এই অনিশ্চয়তাৰ প্ৰমাণ দিছে । ঘৰলৈ উভতি অহাই বিমূৰ্ততাৰ পৰা আত্মপ্ৰত্যাৱৰ্তনৰ অন্তৰংগতালৈ অহাৰ ইঙ্গিত দিছে ।
শৈলীৰ ফালৰ পৰা, কবিতাটো সংক্ষিপ্ত আৰু পৰিৱেশপূৰ্ণ। সংযমিত, সাৱধান গতি নাম নাইৰ দিক্-দৰ্শক। নীৰৱতা আৰু আন্তৰিক আৱেগ মূল আকৰ্ষণ ।



