
এটা প্ৰেতাত্মাৰ সোঁৱৰণত
তোমাৰ যাত্ৰাপথ সুকীয়া,
জোনাকৰ দৰে উত্তাল।
বাটকনো মিছাতে কিয় অপবাদ দিওঁঃ
যেনি মন যায় যাওক। সেয়াই ভাল, সেয়াই সত্য ।
চাবোন ফেন হৈ ওলমিছে ডাৱৰ । হালধি বৰণ গছ-পাত।
বৰষুণ হব চাগে তোমাৰ বাটত ।
তোমাক বিচাৰি গলে বেলিটো সৰি পৰে মূৰত ।
আঙুলিবোৰ উৰি যায় ।
ৰাস্তাবোৰক সোঁধো । ধূলিবোৰে সিঞাৰে । তুমি শিল হৈ থাকা নদীৰ গঢ়াত ।
ঘৰবোৰত জুমি চাওঁ । খিৰিকি খুলি দিয়ে পুতলা একোটাই । দুৱাৰ বন্ধ ।
মই যেতিয়া প্ৰেমৰ কথা কওঁ,
তুমি বয়সৰ হিচাপ লোৱা ।
মই নাৰিকল ফুলৰ কথা কওঁ । তুমি ধুমুহাক মাতা । সোণালী ফুল সৰে ।
ঝক-ঝক ৰেল চলে । বোকাত পোত যায় ভগা তৰা । চুলি মেলি লৱৰে এডৰা ঝাঊ ।
আমি দুয়ো মাছলৈ যাওঁ,
নদী এখন কাষ চাপি আহে ।
নাওঁ কাগজৰ । নিয়ঁৰ-জোনাকৰ জাল । তৰাং পানীত মাছবোৰে বৰশীৰে ধৰে মোক ।
তোমাৰ ভাপ-নাওঁ চলে । জালত ছট-ফটায় ৰূপোৱালী মাছ ।
পুৱা নাওঁ দুখন পোত যায় বালিত ।
আমি দুয়ো দেশ ফুৰিবলৈ যাওঁ,
গোপণে - সঙ্গোপণে ।
পৰ্বতৰ গাৰে খোজ কাঢ়োঁ । গছ-পাতৰ দোলনাত দুলি প্ৰেমৰ পদ্য পঢ়োঁ ।
ওভতাৰ বাট হেৰায় ।
তুমি বাট কাটি আগবাঢ়া । কাঠ-কয়লাৰে আঁকিব খোজা নীলিম আকাশ ।
মই যেতিয়া মৃত্যুৰ কথা কওঁ,
তুমি ঘড়ীবোৰ ভাঙি পেলোৱা ।
ওলাবা এদিন সোনাপুৰলৈ যাম । এবাতি আপং । এটুকুৰা পোৰা মঙহ ।
দপ-দপাই জ্বলিব জুই । ৰূপসিং আতৈয়ে প্ৰেমৰ সাধু কব । পোহৰ হব মন ।
তোমাৰ যাত্ৰাপথ সুকীয়া,
জোনাকৰ বাট এটাৰ দৰে উত্তাল ।
________________________________________
২৯ জানুৱাৰী ১৯৯৩, গুৱাহাটী - এপ্ৰিল, ২০০৬, তেজপুৰ
প্ৰথম প্ৰকাশ: ৰংঘৰ, নবেম্বৰ, ১৯৯৪
সম্পাদকৰ টোকা
এটা প্ৰেতাত্মাৰ স্মৃতিত কেৱল মৃতকৰ বাবে কৰা শোকগাথা নহয়, বৰঞ্চ ই এনে এক চিৰস্থায়ী অস্তিত্বৰ বন্দনা যিয়ে বিলীন হৈ যোৱাক অস্বীকাৰ কৰে। ইয়াত 'প্ৰেতাত্মা'ই স্মৃতি, প্ৰেম, সময় আৰু অন্তৰ্দ্বন্দ্বৰ মাজত বাস কৰে—কেতিয়াবা সংগী হিচাপে, আকৌ কেতিয়াবা এক প্ৰত্যাখ্যান হিচাপে।
কবিতাটো বাস্তৱ আৰু স্বপ্নিল—দুয়োটা পটভূমিৰ মাজেৰে গতি কৰে: ৰাস্তা, নদী, ঘৰ, ৰে’ল আৰু যাত্ৰাবোৰ এটা আনটোৰ মাজত বিলীন হৈ পৰে, যিয়ে মানুহৰ আসক্তিৰ অস্থিৰতাক প্ৰতিফলিত কৰে। প্ৰতিচ্ছবিবোৰ ইয়াত পৰিৱৰ্তিত ৰূপত বাৰে বাৰে ঘূৰি আহে—নাও ডুবি যায়, বাট হেৰাই যায়, ঘড়ী ভাঙি থাকে—যিয়ে সূচায় যে হেৰাই যোৱা বা ৰূপান্তৰিত হোৱা বস্তুবোৰক ৰৈখিক সময়ে ধৰি ৰাখিব নোৱাৰে।
এই যাত্ৰা শেষলৈকে অসমমিত হৈয়েই ৰয়। কবিয়ে ক্ষন্তেক ৰৈ যায়, প্ৰশ্ন কৰে আৰু স্মৰণ কৰে, আনহাতে আনজন অনিশ্চয়তাৰ মাজলৈ আগুৱাই যায়। অৱশেষত যি ৰৈ যায়, সেয়া কোনো সমাপ্তি নহয়, বৰঞ্চ এক গতিহে—জোনাক নিশাৰ অমীমাংসিত গতি।



