
যাত্ৰা
আমি নদীৰ বাটেদি আগুৱাইছিলো
বাট নমনি
সপোন চহৰৰ ছয়া-ময়া স্থিতি
আমি নদীৰ ঘাটত বিচাৰি ফুৰিছিলো যৌৱন
বিচাৰিছিলো যৌৱনৰ আভিজাত্যঃ
সময় তাত নাছিল
নাছিল ডেউকাত ৰহণ সানি অহা চৰাই জাক
আমি অভিমান কৰিছিলো
শেলুৱৈ গঁজা শিলত খোদিত কৰিছিলো
গছৰ নাম, ফুলৰ সৌৰভ....
আমি স্থিৰছবি হৈ ৰলো নদীৰ গভীৰতাত
আৰু কি বিচাৰি ফুৰিছিলো -
এক উদণ্ড সন্ধিয়া
আলোড়িত হৃদয়ৰ উপকুল
যাৰ স্বপ্নৰ সতে মৃত্যুৰ চিৰন্তন বিৰোধ
দেখা হৈছিল এক সাউদৰ সতে
শব্দ যাৰ বনিজৰ সমল
তেওঁ মানুহঃ তীৰ্থযাত্ৰী, তীৰ্থযাত্ৰী
নদীক সোঁতক যি নামেৰেই মাতা
সেয়াই সোঁৱৰণি
সোঁৱৰণিক যি সুন্দৰ কৰাৰ মায়া জানে -
তেৱেঁই যাদুকৰঃ
আৰু কি এনে বিষয় আছিল
যাৰ সতে বিৰোধ চিৰন্তন
আমি নদীৰ বাটেদি আগুৱাইছিলো
দিনবোৰো আছিল, সময়বোৰো চাগৈ আছিল
আমাৰ সতে গান হৈ ৰৈ
অভিনয় শেষত
নদীৰ গভীৰলৈ আগুৱাইছো প্ৰতিপল
দিনবোৰ সময়ৰ
সময়বোৰ কাৰ
যৌৱনক লগ পালে সুধিবা....
_____________________
৩ মে, ১৯৯৩
প্ৰথম প্ৰকাশ: পষেক, ১৯৯৩
সম্পাদকৰ টোকা
যাত্ৰা এক নিৰূদ্দিষ্ট সময়ৰ অগতানুগতিক উপলব্ধি। ইয়াত নদীখন কেৱল এটা প্ৰাকৃতিক দৃশ্য নহয়, নদী সময়ৰ ৰূপক — অবিৰাম, নিৰপেক্ষ, আৰু সাৱলীল। পথৰ অনুপস্থিতিয়ে এনে এক পৃথিৱীক নিৰ্দ্দেশ কৰে যি বসতি স্থাপনৰ অনুপযোগী, যাৰ বাবে বসতিযোগ্য স্থানৰ অন্বেষণ অধিক জৰুৰী হৈ পৰে। যৌৱনক কোনোৱে কৰ্ষণ কৰিব পৰা নাই; বৰঞ্চ ই এক অনুপস্থিতি হিচাপেহে দেখা দিছে —যাক নদীৰ পাৰত বিচৰা হয়, শিলত খোদিত কৰা হয়, বা স্মৃতিৰ গভীৰত নিমজ্জিত কৰা হয়। যৌৱনক পুনৰুদ্ধাৰ কৰিব নোৱাৰি; ই এনে স্থিতি যি ক্ৰমাগতভাৱে আঁতৰি যায় আৰু মৃত্যুৰ সৈতে এক চিৰস্থায়ী দ্বন্দ্বত আবদ্ধ হৈ পৰে। শব্দ-বেপাৰীৰ চৰিত্ৰটোৱে কবিতাটোত এক নৈতিক পৰিৱৰ্তনৰ ইঙ্গিত দিছে । ভাষাই ব্যৱসায়ৰ ৰূপ লয়, স্মৃতি হৈ পৰে এক কলা আৰু নামকৰণ হয় সংৰক্ষণৰ এক পদ্ধতি। যাদুকৰে স্মৃতিক সহনযোগ্য কৰি তোলে ক্ষন্তেকীয়া গ্ৰহণযোগ্য ৰূপ দিয়ে।
কবিতাটোৱে কোনো সমাধান নিবিচাৰে বা আগনবঢ়ায়। ইয়াৰ পৰিৱৰ্তে, নদীৰ দৰেই ই গভীৰতৰ —আগুৱাই যোৱাৰ সলনি অন্তৰ্মুখী । দিনবোৰ সময়ৰ অধীন, কিন্তু সময় কাৰোৰে নহয়।



