সম​য়, তোমাক এতিয়াও প্ৰাৰ্থনা কৰোঁ

সাগৰৰ পাৰত মই নগ্ন হৈ ৰৈ অছিলো
উপকুল​ৰ বালিত জিলিকি আছিল ৰঙীণ শামুক​ৰ খোলা
আৰু
নিঃসঙ্গতাক কান্ধ পাতি নিয়া লুণীয়া বতাহ
যেন, অলপ আগেয়েহে শেষ হল যাত্ৰা-গান

সম​য়, তোমাক এতিয়াও প্ৰাৰ্থনা ক​ৰোঁ
তুমি তুলি লোৱা কাকত-কলম​ৰ এই অভিজাত পৃথিবী
জান্ম​ৰ অতীতলৈ লৈ যোৱা জন্ম-যন্ত্ৰণা

উপকুল​ৰ বালিয়েদি মই খোজ কাঢ়িছিলো
হাতত ব্যস্ত দিন​ৰ মলিন হুমুনিয়াহ
আৰু
চিটিবাছৰ পাওদানত ওলমি অহা মৃত্য়ুৰ জ​ৰুৰী খবৰ
যেন, প্ৰতিজোপা গছত আঁৰি দিয়া হল ফুল​ৰ সলনি মৃতজন

সম​য়, তোমাক এতিয়াও প্ৰাৰ্থনা ক​ৰোঁ
তুমি উজ্জ্বল ক​ৰি তোলা মৃতক বসন্তৰ কাত​ৰ মুখ
জীৱন​ৰ বাটে-বাটে আঁৰি থোঁৱা সকলো কবিৰ মৃত্যু-পাৰোৱানা

মই খোজ কাঢ়িছিলো, বাটে-বাটে গঁথা হৈছিল বালিৰ পাহাৰ
মই খোজ কাঢ়িছিলো, এক পৰ্যটক আকাশ​ৰ সীমাত ঠিয় হৈছিল
আৰু
প্ৰেয়সীৰ চকুত বিচাৰিছিল পানী, মৰুদ্যান​ৰ ঠিকনা
যেন্, প্ৰতিযোৰ চকুৱে জন্ম দিব একোখন নদী, পাৰত সুবিশাল উপত্যকা

সম​য়, তোমাক এতিয়াও প্ৰাৰ্থনা ক​ৰোঁ
তুমি খোজৰ দাগে-দাগে মছি যোৱা তেজৰ চেঁকুৰা
অপ​ৰাধী ক​ৰা ইতিহাস, ইতিহাস​ৰ সকলো ৰূপ-কথা

মই যেতিয়া ঘ​ৰ পামগৈ, তেতিয়া সন্ধিয়া হব
সেই সন্ধিয়াই ভাৰ বৈ অনিব সোঁৱ​ৰণিৰ কিতাপ
আৰু
তেনে এখন কিতাপ​ৰ মাজতে মই টোপনি যাম
যেন্, আখ​ৰ​ৰ আঁৰত লুকুৱাই থম ৰোগাৰ্ত শৰীৰ​ৰ সকলো ৰহস্য়

সম​য়, তোমাক এতিয়াও প্ৰাৰ্থনা ক​ৰোঁ
তুমি নিৰবতাক নজগাবা, নাগাবা উছৱ​ৰ গান
কোনো কলা-বিথিকাৰ বেৰত নাআঁৰিবা বস্ত্ৰ......

মই যেতিয়া শ্মশান​ৰ চিতাত উঠিম
প্ৰতিটো কব​ৰ​ৰ প​ৰা উঠি আহিব ধূস​ৰ অশ​ৰীৰি
আৰু
সিহঁতে প্ৰতিজোপা গছকে আঙুলিয়াই কব ঈশ্ৱৰৰ কথা
যেন, সিহঁতে অলপতে বিয়া সোমাইছে..... এৰা

সময়, তোমাক এতিয়াও প্ৰাৰ্থনা কৰোঁ
তুমি প্ৰতিজন জীৱিতলৈ এই শোকাকুল খবৰ পঠিয়াই দিয়া
পোহৰত তুলি ধৰা নগ্নতাৰ সুলভ পৰিচয়

___________________________
১ নৱেম্বৰ, ১৯৯২
প্ৰথম প্ৰকাশ: প্ৰান্তিক,ডিচেম্বৰ ১৯৯২

সম্পাদকৰ টোকা

সময়, তোমাক এতিয়াও প্ৰাৰ্থনা কৰোঁ এনে এক আৰ্জি যিয়ে কোনো সান্ত্বনা নিবিচাৰে। ইয়াত সময়ক কোনো বিমূৰ্ত ধাৰণা হিচাপে নহয়, বৰঞ্চ এক নৈতিক সাক্ষী হিচাপে সম্বোধন কৰা হৈছে—যিয়ে হিংসা, বস্ত্ৰহীন শৰীৰ আৰু নিষ্ঠুৰতাৰ সমান্তৰালভাৱে সৌন্দৰ্যৰ স্থায়িত্ব প্ৰত্যক্ষ কৰিছে। এক উপকূলীয় পটভূমিত ৰচিত এই কবিতাটোৱে সৰলতাৰ পৰিৱৰ্তে উন্মুক্ততাকহে প্ৰদৰ্শন কৰে: য’ত ইতিহাস আৰু বিচাৰৰ সন্মুখত মানুহজন কোনো প্ৰতিৰক্ষা অবিহনে থিয় দিছে।

বাৰে বাৰে কৰা প্ৰাৰ্থনাই কোনো সংস্কাৰ নিবিচাৰে, বিচাৰে বিলুপ্তি—উত্তৰাধিকাৰ সূত্ৰে পোৱা আখ্যানবোৰৰ, নান্দনিক ছদ্মবেশৰ আৰু দুখ-যন্ত্ৰণাক আঁতৰাই ৰখা সাংস্কৃতিক আমোলাতন্ত্ৰৰ। ইয়াত সাধাৰণ জীৱন মৃত্যুৰ প্ৰতিচ্ছবিৰ সৈতে সংঘাতত লিপ্ত হয়, যিয়ে এনে এখন পৃথিৱীক উন্মোচিত কৰে য’ত হিংসা এক দৈনন্দিন নিয়ম হৈ পৰিছে আৰু শান্তিৰ প্ৰতীকবোৰো অভিশাপলৈ ৰূপান্তৰিত হৈছে।

গতিশীলতা ইয়াত বোজা কঢ়িওৱা খোজত পৰিণত হয়, যিয়ে কোনো উপনীত হোৱাৰ প্ৰতিশ্ৰুতি নোহোৱাকৈ ইতিহাস আৰু স্মৃতিক কঢ়িয়াই নিয়ে। আনকি আশাৰ মুহূৰ্তবোৰো চৰ্তসাপেক্ষ হৈ ৰয়। অৱশেষত কবিতাটোৱে মুক্তিৰ পৰিৱৰ্তে স্বীকৃতিহে দাবী কৰে: কোনো ৰূপক বা অলংকাৰ নোহোৱাকৈ উলংগতাৰ এক স্বচ্ছ দৃষ্টি। যিবোৰ সত্যক মানৱতাই মুখামুখি হ’বলৈ অস্বীকাৰ কৰি আহিছে, সেইবোৰক উন্মোচিত কৰিবলৈকে ইয়াত সময়ক আৱাহন কৰা হৈছে।

Select language